মৰিগাঁও: অসমৰ ধৰ্মীয় তথা ঐতিহাসিক পৰম্পৰাক অক্ষুণ্ণ ৰাখি মৰিগাঁও জিলাৰ জাগীৰোডস্থিত ঐতিহাসিক গোভা দেওৰজা চাৰিভাই দেওশাল শিৱ থানত উপস্থিত হয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। থান প্ৰাংগণত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে পৰম্পৰাগত ৰীতি-নীতিৰে দেৱাধীদেৱ মহাদেৱৰ চৰণত ভক্তিপূৰ্ণ সেৱা অৰ্পণ কৰে।
ধৰ্মীয় মাংগলিক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই সমগ্ৰ অসম তথা অসমবাসীৰ সৰ্বাংগীণ কল্যাণ, দীৰ্ঘায়ু, সুখ-শান্তি আৰু সমৃদ্ধিৰ বাবে ভগৱানৰ ওচৰত সপ্ৰেম প্ৰাৰ্থনা জনায়।
বিকাশ আৰু প্ৰগতিৰ বাবে আশীৰ্বাদ কামনা কৰি তেওঁ উল্লেখ কৰে যে ঐতিহ্যমণ্ডিত গোভা দেওৰজা চাৰিভাই দেওশাল শিৱ থান সমগ্ৰ অঞ্চলটোৰ বাবে এক পৱিত্ৰ আৰু শক্তিৰ উৎস। মহাদেৱৰ অপাৰ আশীৰ্বাদেৰে সমগ্ৰ অসমখনি যাতে ভৱিষ্যতেও বিকাশ, প্ৰগতি আৰু শান্তিৰ পথেৰে সদায় আগুৱাই যাব পাৰে, তাৰেই কামনাৰে তেওঁ ভগৱানৰ চৰণত আঁঠু লয়। ৰাজ্যখনৰ চলি থকা উন্নয়নমূলক যাত্ৰাটো যাতে বিঘিনিহীনভাৱে আগবাঢ়ি যায়, তাৰ বাবে তেওঁ মহাদেৱৰ কৃপা ভিক্ষা কৰে।
ঐতিহাসিক এই পৱিত্ৰ দেওশাল শিৱ থানত উপস্থিত হৈ এক অনন্য আধ্যাত্মিক প্ৰশান্তি লাভ কৰে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। মহাদেৱৰ আশীৰ্বাদে সমগ্ৰ অসমবাসীক সুৰক্ষিত ৰাখক আৰু আমাৰ ৰাজ্যখনক প্ৰগতিৰ এক নতুন শিখৰলৈ লৈ যাওক, ইয়াকে মই প্ৰাৰ্থনা কৰিছোঁ।” — ড° হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী।
মুখ্যমন্ত্ৰীগৰাকীৰ এই আধ্যাত্মিক ভ্ৰমণৰ সময়ত তেওঁৰ সৈতে সংগ দিয়ে মৰিগাঁও বিধানসভা সমষ্টিৰ স্থানীয় বিধায়ক তথা জ্যেষ্ঠ জনপ্ৰতিনিধি ৰমাকান্ত দেউৰী জাগিৰোড সমষ্টিৰ বিধায়ক পিয়ুষ হাজৰিকাই। ইয়াৰ উপৰিও থান পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু স্থানীয় ভক্তপ্ৰাণ ৰাইজে মুখ্যমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনায়। জাগীৰোডৰ এই গোভা দেওৰজা চাৰিভাই দেওশাল শিৱ থান অঞ্চলটোৰ তিৱা সমাজ তথা থলুৱা জনসাধাৰণৰ ইতিহাস আৰু সংস্কৃতিৰ এক অন্যতম প্ৰাণকেন্দ্ৰ। ঐতিহাসিক গোভা ৰজাৰ দিনৰে পৰা চলি অহা এই দেওশাললৈ প্ৰতিবছৰে হাজাৰ হাজাৰ ভক্তৰ আগমন ঘটে। মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণে অঞ্চলটোৰ ধৰ্মপ্ৰাণ ৰাইজৰ মাজত এক বিশেষ উৎসাহৰ সঞ্চাৰ কৰিছে।
ঐতিহাসিক গোভা দেওৰজা চাৰিভাই দেওশাল শিৱ থানত সেৱা ল’লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যবাসীৰ কল্যাণ আৰু প্ৰগতিৰ বাবে কৰিলে বিশেষ প্ৰাৰ্থনা।
