আজি মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৰক্ত ভঁৰালত এক ব্যতিক্ৰমী আৰু মানৱীয় পদক্ষেপ গ্ৰহণ কৰি অভিজিৎ মজুমদাৰে নিজৰ ১৮ বছৰীয়া জন্মদিনটো ৰক্তদানেৰে উদযাপন কৰে। পিতৃৰ আদৰ্শ অনুসৰণ কৰি কৰা এই মহান কাৰ্যই সমাজলৈ এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰে।
উক্ত ৰক্তদান কাৰ্যসূচীত উপস্থিত থাকে পিতৃ শেখৰ মজুমদাৰ, মাতৃ সন্ধ্যা ৰাণী দে, জ্যেষ্ঠ সাংবাদিক তথা ক্ৰিষ্টেল ভিজনৰ সভাপতি ময়ুখ গোস্বামী, সম্পাদক মানবেন্দ্ৰ বৰুৱা, প্ৰচাৰ সম্পাদক ৰাজু সাহা মণ্ডল, বিশিষ্ট ব্যৱসায়ী তথা সমাজসেৱক সঞ্জয় আগৰৱালা, ডা° চন্দনা ভাৰতী, বিশিষ্ট ৰক্তদাতা প্ৰশন্ন ডেকা, নয়নমণি নাথ, ধীৰাজ চহৰীয়া, মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ফকৰুল আলি, বুবু সৰকাৰ, মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৰক্ত ভঁৰালৰ ভাৰপ্ৰাপ্ত বিষয়া ডা° দাউদ আলি , ৰক্ত ভঁৰালৰ বিষয়া-কৰ্মচাৰী সকল।
এই অনুষ্ঠানত অভিজিৎ মজুমদাৰৰ সৈতে প্ৰথমবাৰৰ বাবে ৰক্তদান কৰে আব্দুল ৱাসীয়ে। দুয়োগৰাকী নতুন ৰক্তদাতাৰ এই মহান পদক্ষেপক সকলোৱে আন্তৰিকভাৱে শলাগ লয়।
মানৱ সেৱাৰ এনে মহৎ কাৰ্যৰ জৰিয়তে সমাজত ৰক্তদানৰ প্ৰতি সচেতনতা বৃদ্ধি হোৱাৰ লগতে বহু লোক অনুপ্ৰাণিত হ’ব বুলি আশা প্ৰকাশ কৰা হয়।
ৰক্তদান জীৱন দান, ৰক্তদান মহান দান।
