মৰিগাঁও চহৰৰ নিকটৱৰ্তী মৰিমুছলমান গাঁওৰ ৰেকিবুৰ ৰহমানে দীর্ঘদিন ধৰি ড্ৰাগছ বিক্ৰীৰ সৈতে জড়িত হৈ দুবাৰ কাৰাবাস খাটিছিল।
আজি মৰিগাঁও মৰিপচতীয়া গাওঁ শনিবাৰ বজাৰত আৰক্ষীৰ অপৰাধ শাখাৰ পাঁচ জনীয়া এটা দলে দুজন ড্ৰাগছ বিক্ৰেতাক দৌৰাই দৌৰাই অৱশেষত ৰেকিবুৰ ৰহমান নামৰ ড্ৰাগছ বিক্ৰেতা জনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।আনজন ড্ৰাগছ বিক্ৰেতা পলায়ন কৰে।
আনফালে আৰক্ষীয়ে Pulsar, NS 125 মডেলৰ As-21Q 8348 নম্বৰৰ এখন মটৰচাইকেল আৰু এটা ম’বাইল ফোন জব্দ কৰে।
উল্লেখ্য যে, ৯ টাকৈ ড্ৰাগছ ভৰ্তি প্লাষ্টিক কনট্ৰিনাৰ আৰক্ষীয়ে উদ্ধাৰ কৰে। কনট্ৰিনাৰ কেইটাত সৰ্বমুঠ ড্ৰাগছৰ পৰিমাণ আছিল ১২.৪৯ গ্ৰাম।
কৰায়ত্ত কৰাৰ পিছতেই মৰিগাঁও সদৰ আৰক্ষীক খবৰ দিয়ে অপৰাধ শাখাৰ দলটোয়ে।
সদৰ আৰক্ষী বিষয়া চন্দ্ৰামিকা নেউগৰ নেতৃত্বত এটা দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু ৰেকিবুৰ ৰহমানক থানালৈ লৈ যায়।
