ককৰোচ জনতা পাৰ্টী
দলৰ প্ৰতিষ্ঠাতাসকলে দাবী কৰিছে —
সাধাৰণ মানুহৰ কণ্ঠস্বৰ হ’ব ককৰোচ জনতা পাৰ্টী।’
দুৰ্নীতি, মূল্যবৃদ্ধি আৰু নিবনুৱাক কেন্দ্ৰ কৰি আগবঢ়োৱা হৈছে নতুন ৰাজনৈতিক এজেণ্ডা।
নিবনুৱা ,এলেহুৱা আৰু ২৪ ঘন্টাই অনলাইন থকা সকলে যোগদান কৰিব পাৰিব এই দলত ।
নিজকে পইঁতাচোৰা বুলি ভাবিব লাগিব দলৰ সদস্যই
ভাৰতৰ ৰাজনীতিত অভিনব ঘটনা । ৰাজনীতিত ভৰি দিলে পইঁতাচোৰাই। ৰাতিটোৰ ভিতৰতে লাখ লাখ লোকে যোগ দিছে এই কাৰ্য্যত । পিছে এইটো কিন্তু কোনো পঞ্জীয়নভূক্ত ৰাজনৈতিক দল নহয় , বৰঞ্চ এয়া এক ডিজিটেল প্ৰতিবাদ । সমগ্ৰ বিতৰ্কৰ কেন্দ্ৰবিন্দু চুপ্ৰিম কৰ্টৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ এটা মন্তব্য। যোৱা সপ্তাহৰ এটা গোচৰৰ শুনানিৰ মুখ্য ন্যায়াধীশ গৰাকীয়ে মন্তব্য কৰিছিল যে কৰ্মহীন বা নিবনুৱা যুবক যুবতী সকলে কতো একো কৰিব নোৱাৰি সাংবাদিকতা ,সমাজকৰ্মী ,বা আইনৰ দৰে বৃত্তিক আকোঁৱালি লয় । তেওঁ নিবনুৱা যুবক যুবতী সকলক পইঁতাচোৰা আখ্যা দিয়ে আৰু পৰজীৱিৰ লগত তুলনা কৰে । মুখ্য ন্যায়াধীশ গৰাকীৰ এই মন্তব্যক লৈ সমগ্ৰ দেশজুৰি সৃষ্টি হয় তীব্ৰ আন্দোলনৰ । ইয়াৰ প্ৰতিবাদ ৰূপে জন্ম হয় ককৰোচ জনতা পাৰ্টী। আমেৰিকাৰ বচপন বিশ্ববিদ্যলয়ৰ ছাত্ৰ তথা আপৰ প্ৰাক্তন ছচিয়েল মিডিয়া কৰ্মী অভিজিৎ দিপকে প্ৰতিষ্ঠা কৰে এই দলটো । বৰ্তমানলৈ ইয়াৰ সদস্যই ১১ লাখ অতিক্ৰম কৰিছে । ইতিমধ্যে এই দলটোত যোগ দিছে তৃণমূল কংগ্ৰেছৰ ২ হাই প্ৰফাইল সাংসদে । দলটিয়ে ইতিমধ্যে প্ৰকাশ কৰা ইস্তাহাৰত আছে
চুপ্ৰিম কৰ্টৰ প্ৰধান ন্যায়াধীশ সকলে অৱসৰৰ পিছত ৰাজ্যসভাৰ সাংসদ হব নোৱাৰিবআসন সংখ্যা বৃদ্ধি নকৰাকৈ সংসদত মহিলাক ৫০ শতাংশ সংৰক্ষণ দিব লাগিবদল সলনি কৰা নেতা সাংসদ সকলে ২০ বছৰলৈ নিৰ্বাচন খেলিব নোৱাৰিবCBSE বৰ্ডৰ বহী পুনৰ মূল্যায়নৰ নামত লুটিপুতি খোৱা বন্ধ কৰিব লাগিবNEET প্ৰশ্নকাকত ফাদিল বিৰ্তকত পৰীক্ষাৰ্থীৰ কাষত ঠিয় দিব লাগিবপিছে এই ককৰোচ জনতা পাৰ্টীয়ে পৰৱৰ্ত্তী সময়ত কি ৰূপ লব সেয়া সময়ত লক্ষ্যনীয় হব।
