মৰিগাঁও: সমগ্ৰ অসমৰ লগতে বিশেষকৈ মৰিগাঁও জিলাৰ বাবে এক অত্যন্ত আনন্দ তথা গৌৰৱৰ খবৰ। প্ৰখ্যাত ‘ফেম ইণ্ডিয়া’ (Fame India) আলোচনীৰ ২০২৬ বৰ্ষৰ এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমীক্ষাত দেশৰ শ্ৰেষ্ঠ ১০০ গৰাকী জ্যেষ্ঠ দণ্ডাধীশ/জিলা আযুক্তৰ (Best DMs) অভিজাত তালিকাত স্থান লাভ কৰিছে মৰিগাঁও জিলাৰ জিলা আযুক্ত অনামিকা তেৱাৰীয়ে
দেশৰ দক্ষ প্ৰশাসকসকলৰ মাজত চলোৱা এই কঠোৰ সমীক্ষাত তেওঁৰ স্থান লাভ কৰাটোৱে তেওঁৰ কৰ্মনিষ্ঠা আৰু জিলাখনৰ প্ৰতি থকা দায়বদ্ধতাকে প্ৰমাণ কৰে।
১৯৯৭ বেচৰ এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া অনামিকা তেৱাৰীয়ে মৰিগাঁও জিলাৰ দায়িত্ব লৈয়েই জিলাখনৰ সৰ্বাংগীণ উন্নয়নৰ বাবে অহৰহ কাম কৰি আহিছে। কেৱল কাৰ্যালয়ৰ ফাইলতে আৱদ্ধ নাথাকি তেওঁ সদায় গুৰি ধৰিছে তৃণমূল পৰ্যায়ৰ কাম-কাজৰ। শেহতীয়াকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মৰিগাঁৱৰ কিছুমান বিদ্যালয়ৰ দুৰ্বল প্ৰদৰ্শনক লৈ তেওঁ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। আনকি নিজেই বিদ্যালয়লৈ গৈ শিক্ষাৰ্থীক পাঠদান কৰাৰ লগতে শিক্ষক-অভিভাৱকৰ সৈতে পোনপটীয়া সংযোগ স্থাপন কৰি এক সুন্দৰ শৈক্ষিক পৰিৱেশ গঢ়ি তুলিছে। কৃষক আৰু নাৰী শক্তিক প্ৰেৰণা: জিলাখনৰ কৃষকসকলক আধুনিক প্ৰযুক্তিৰ সৈতে চিনাকি কৰাই দিয়াৰ লগতে মহিলা আত্মসহায়ক গোটসমূহক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। তেওঁৰ সেই বিখ্যাত উক্তি—“অসমীয়া মহিলা কেতিয়াও ভাগৰি নপৰে”—এ আজিও জিলাখনৰ হাজাৰ হাজাৰ মহিলাক কৰ্মক্ষেত্ৰত আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে। ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা এই স্বীকৃতি কেৱল এগৰাকী বিষয়াৰ নহয়, বৰঞ্চ সমগ্ৰ মৰিগাঁওবাসীৰ বাবে এক ডাঙৰ সন্মান। এক স্বচ্ছ, জবাবদিহি আৰু ৰাইজৰ বাবে সমৰ্পিত প্ৰশাসন কেনেকুৱা হ’ব লাগে, জিলা আযুক্ত অনামিকা তেৱাৰী ডাঙৰীয়া তাৰ এক উজ্জ্বল উদাহৰণ। তেওঁৰ এই সফলতাই অসমৰ নৱপ্ৰজন্মক ভৱিষ্যতে দেশসেৱাৰ বাবে নিজক সাজু কৰিবলৈ নিশ্চিতভাৱে অনুপ্ৰাণিত কৰিব।

