ৰঙিয়াত পৌৰনিকায় কৰ্মচাৰীসকলৰ সৰ্বাত্মক ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন । সদৌ অসম পৌৰনিকায় কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে ৰঙিয়া পৌৰসভাৰ কাৰ্য্যালয়ৰ সন্মূখভাগত পৌৰসভাৰ কৰ্মচাৰী সকলে চাকৰি নিয়মিয়াকৰণ ও দৰমহা সমুহ আদায় দিয়াৰ বাবে চৰকাৰক আহ্বান জনায় । ৰঙিয়াত প্ৰতিকুল বতৰকো নেওচি এইসকল পৌৰ কৰ্মচাৰীয়ে নিজৰ প্ৰাপ্য বিচাৰি এনেদৰে আন্দোলনত যোগ দিয়া পৰিলক্ষিত হৈছে ।
ৰঙিয়াৰ পৰা ওৱাছিম আক্ৰামৰ ৰিপৰ্ট ।