স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত আমিনগাঁৱত আছুৰ উত্তাল প্ৰতিবাদ ।

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ “বিক্ষোভ” কাৰ্যসূচী ।
আমিনগাঁৱস্থিত বিদ্যুত বিভাগৰ কাৰ্যালয়ৰ সন্মুখত স্মাৰ্ট মিটাৰ আৰু বিদ্যুতৰ মাচুল হ্ৰাস কৰাৰ বাবে ৰুপায়ন কৰে এই প্ৰতিবাদ ।
দুই শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লে কাৰ্ড লৈ – স্মাৰ্ট মিটাৰ বন্ধ কৰক, বিদ্যুত বিভাগ হায় ! হায় , বিদ্যুত মন্ত্ৰীৰ কাম নাই, বিদ্যুতৰ মাচুল হ্ৰাস কৰক, অসম চৰকাৰ হায় !হায় আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ।
উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক ভৱজ্যোতি ডেকা, সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক পংকজ কলিতা, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি নৱজ্যোতি দাস, সাধাৰণ সম্পাদক তৌফিকুৰ ৰহমানৰ লগতে ভালেসংখ্যক আছু নেতা ।
স্মাৰ্ট মিটাৰ অনতিপলমে চৰকাৰে বন্ধ কৰিব লাগে নহলে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে গাৱঁ -ভুঞে আন্দোলন হৱ বুলি চৰকাৰক তীব্ৰ সমালোচনা কৰে ।

ৰঙিয়াৰ পৰা ওৱাছিম আক্ৰামৰ ৰিপৰ্ট

Leave a Reply

Your email address will not be published. Required fields are marked *