বিহালীত সমজিলা কাৰ্যালয়ৰ শুভ উদ্বোধন মন্ত্ৰী পীযুষ হাজৰিকাৰ

অসমীয়া ভাষাই ধ্ৰপদী ভাষা হিচাপে স্বীকৃতি পোৱাত কংগ্ৰেছৰ নেতাই ভাল পোৱা নাই – পীযুষ হাজৰিকা ।
স্বাধীনতা সংগ্ৰামী তথা অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰথম গৰাকী সভাপতি চবিবাল উপাধ্যায়ৰ বাসগৃহ সংৰক্ষণৰ মন অসম চৰকাৰৰ ।
প্ৰিয়াংক খাৰ্গেই পুনৰ টুইটাৰত নগাও চেনি মেল আৰু জাগিৰোড পেপাৰ মিল কিয় বন্ধ হ’ল বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া , এই দুয়োটা উদ্যোগ কংগ্ৰেছৰ দিনতে নিশেষ: হৈছে বুলি প্ৰকাশ কৰে।
বিহালীৰ বেদেতীত আজি আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ সমান্তৰালকৈ বিহালীৰ বৰগাংত সম জিলা কাৰ্যালয়ৰ শুভ উদ্বোধন কৰা হয় ৷ মন্ত্ৰী পীযুষ হাজৰিকাই সম জিলা কাৰ্যালয় উদ্বোধন কৰি কয় যে বিহালী ৰাইজক এই কাৰ্যালয়ে সহায় কৰিব ৷ ৰাইজৰ কষ্ট লাঘৱ কৰিবৰ বাবে আৰু উন্নয়ন তৰাম্বিত কৰিবৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই নতুন ব্যৱস্থাৰ উদ্ভাৱন কৰিছে ৷ নৰেন্দ্ৰ মোডীৰ কেবিনেটে অসমীয়া ভাষাক দ্ৰোপদী ভাষা হিচাপে স্বীকৃতি দিলে এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই যথেষ্ট কাম কৰিছে ৷ কংগ্ৰেছে অসমীয়াৰ ভাল হোৱাটো নিবিচাৰে ৷ অসমীয়া ভাষাটো দ্ৰোপদী ভাষা হিচাবে কংগ্ৰেছে স্বীকৃতি দিয়া নাই আৰু আজি স্বীকৃতি পোৱাৰ পিছতো কোনো কংগ্ৰেছৰ নেতাই ভাল পোৱা নাই কাৰন তেওলোকে আনন্দ প্ৰকাশ কৰা অথবা শুভেচ্ছা দিয়া দেখা পোৱা নাই ৷ স্বাধীনতা সংগ্ৰামী তথা আনহাতে প্ৰদেশ কংগ্ৰেছৰ প্ৰথম গৰাকী সভাপতি চবিবাল উপাধ্যায়ক লৈও ৰাজনীতি আৰম্ভ হৈছে বিহালীত ৷ প্ৰদেশ কংগ্ৰেছৰ যুৱৰাজ গৌৰৱ গগৈয়ে চবিলাল উপাধ্যায় ঘৰত উপস্থিত হৈ তেওৰ বাসগৃহটো সংৰক্ষণ কৰাৰ কথা কোৱাৰ পিছতেই কংগ্ৰেছৰ প্ৰথম গৰাকী সভাপতি ছবিলাল উপাধ্যায়ৰ গৃহটি অসম চৰকাৰে সংৰক্ষণ কৰাৰ মন বুলি কয় আজি মন্তব্য কৰে মন্ত্ৰী পিযুচ হাজৰিকাই ৷ অৱশ্যে প্ৰতিযোগিতাত নামিব খোজা নাই বিজেপি ৷ ৰাইজে আৰু পৰিয়ালৰ লোকে যদি গৌৰৱ গগৈক সুবিধা দিয়ে তেন্তে গৌৰৱ গগৈয়ে আৰু যদি চৰকাৰ বা সাংসদ ৰঞ্জিত দত্তক সুবিধা দিয়ে তেন্তে চৰকাৰী ভাৱে চবিলাল উপাধ্যায় বাসগৃহ সংৰক্ষণৰ ব্যৱস্থা কৰিব ৷ ইফালে কংগ্ৰেছ নেতা প্ৰিয়াংক খাৰ্গেই পুনৰ টুইটাৰত নগাও চেনি মেল আৰু জাগিৰোড পেপাৰ মেল কিয় বন্ধ হ’ল বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এই দুয়োটা উদ্যোগ কংগ্ৰেছৰ দিনতে নিশেষ: হৈছে ৷ জাগিৰোড পেপাৰ মিলত বাহ কিনাৰ নামত দুৰ্নীতি কংগ্ৰেছৰ দিনতে হৈছে ৷ যাৰ পৰিণতিত উদ্যোগটো ধ্বংস গৰাহলৈ গতি কৰিছে ৷

বিশ্বনাথৰ পৰা ৰুবেন মহন্তৰ ৰিপ’ৰ্ট।

Leave a Reply

Your email address will not be published. Required fields are marked *