২০০৫ চনৰ ৩ অক্টোবৰ তাৰিখে সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ AIUDF দলৰ গঠন হৈছিল । দলটোৰ সভাপতি হিচাপে নেতৃত্ব দিছিল মৌলানা বদৰুদ্দিন আজমলে । আজি এই দলটোৰ ২০ টা বছৰ হোৱাৰ বাবে সমগ্ৰ ৰাজ্যতে প্ৰতিষ্ঠা দিৱস উদযাপন কৰা দেখা গৈছে । গোৱালপাৰা জিলাতো পালন কৰা হয় এই প্ৰতিষ্ঠা দিৱস । গোৱালপাৰা জিলাৰ হজ ভৱন প্ৰাংগনত দলীয় পতাকা উত্তোলনৰে আৰম্ভ কৰে কাৰ্য্যসূচী । তাৰ পিছতে এখনি সভা অনুষ্ঠিত কৰা হয় । এই সভাত দলৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক (প্ৰশাসনিক ) তথা দলটোৰ বিধানী নেতা বিলাসীপাৰা পশ্চিম বিধানসভা সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহাম্মেদ কাছমী উপস্থিত থাকে । সভা খনত সভাপতিত্ব কৰে গোৱালপাৰা জিলাৰ নৱ নিযুক্ত সভাপতি আব্দুল কালাম হুছেইনে ।
কৃষ্ণাইৰ পৰা আনোৱাৰ হুচেইন , Insight India
Best Wishes